Page Nav

HIDE

Grid

GRID_STYLE

বিধৱা নাৰীৰ সংগ্ৰামী জীৱন-গাঁথা...

বেলিবিহীন কপালৰ ৰ'দঘাই মানুহজনী বিনেখা সিন্‌হা মাখনি--এনে গৰাকী মানুহ যিয়ে আমাৰ সমাজৰ প্ৰতিগৰাকী বিধৱা নাৰীৰ জীৱন গাঁথাৰ সবল প্ৰতিনিধি। ...



বেলিবিহীন কপালৰ ৰ'দঘাই মানুহজনী


বিনেখা সিন্‌হা

মাখনি--এনে গৰাকী মানুহ যিয়ে আমাৰ সমাজৰ প্ৰতিগৰাকী বিধৱা নাৰীৰ জীৱন গাঁথাৰ সবল প্ৰতিনিধি। মাখনীয়ে জাগ্ৰত কৰিছে --কিয় লাঞ্ছিত হয় এতিয়াও বিধৱা সকল? একবিংশ শতিকাটো বিধৱাক অন্য দৃষ্টিৰে চোৱা সমাজখনে কিন্তু পত্নীহীন পুৰুষসকলক উপহাস নকৰে তাৰ সলনি দ্বিতীয় বিবাহেৰে  পুৰ্ণতা পোৱাত অৰিহনা যোগাই পুনৰ এগৰাকী নাৰীকেই সামৰে। স্বামী নামৰ আকাশ খনৰ বাবে চিৰ সমুজ্জল কপালৰ বেলিটো হেৰোৱাৰ পিচৰ খিনি কি হয়? হয়, বেলিবিহীনতাই আনি দিয়া আন্ধাৰ আতৰোৱাৰ এক সবল পৰিক্ৰমা খোদিত হৈছে এখন উপন্যাস-- "বেলিবিহীন কপালৰ ৰ'দঘাই মানুহজনী''ত।  নাৰীকেন্দ্ৰিক উপন্যাসখনত লেখিকাই কেৱল নাৰীসকলৰ কথাকেই উপস্থাপন কৰিছে এনে নহয়,অসমৰ চহা সমাজৰ পৰিচয় দাঙি ধৰাতো অকণো কৃপণালি কৰা নাই।

ৰাস্না পালক বৰ্তমান লেখক সকলৰ ভিতৰত এক পৰিচিত নাম। সামাজিক মাধ্যমেৰে আত্মপ্ৰকাশ কৰা ৰাস্না পালকৰ প্ৰথমখন চপা উপন্যাস 'বেলিবিহীন কপালৰ ৰ'দঘাই মানুহজনী' য়ে পাঠক সমাজৰ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সামাজিক মাধ্যমতো গ্ৰন্থখন চৰ্চিত হৈছে। উপন্যাসখনৰ মূল বিষয়বস্তু হৈছে এগৰাকী  বিধৱা নাৰী। সমাজত মুৰ তুলি  জীয়াই থাকিবলৈ বিধৱা নাৰী এগৰাকীয়ে  কৰি থকা সংগ্ৰাম। স্বামীহীনতাই বেলিবিহীন কৰিলেও ৰ'দঘাই হৈ মাটিক খামুচি থাকিব পৰাকৈ নাৰী কিমান শক্তিশালী এই আভাসেৰে  সমৃদ্ধ এখন উপন্যাস ।

উপন্যাসখনত লেখিকাই সাৱলীলভাৱে দাঙি ধৰিছে প্ৰতিটো চৰিত্ৰক । আবেগিক কৰি তুলিব পৰাকৈ শক্তিশালী উপস্থাপন মাখনি,ধৃতি , ৰংমন, জ্ঞান খুৰাকে আদি কৰি প্ৰতিটো চৰিত্ৰ। মাখনিক কেন্দ্ৰ কৰিয়েই আগবঢ়া উপন্যাসখনত ধৃতিও অন্য এক মুল চৰিত্ৰ।মাখনিৰ চৰিত্ৰটোৰে ঔপন্যাসিক গৰাকীয়ে আমাৰ সমাজৰ প্ৰতিগৰাকী বিধৱা নাৰীৰ জীৱন গাঁথাক তুলি ধৰিছে। নাৰীকেন্দ্ৰিক উপন্যাসখনত লেখিকাই নাৰীসকলৰ উপৰিও উপস্থাপন কৰিছে , চহা জীৱনৰ পৰিচয় । কেনেকৈ ৰংমনৰ অনুপস্থিতিত মাখনিয়ে হৈ পৰিছিল চাৰিওটা সন্তানৰ বটবৃক্ষ? য'ত পদে পদে বৈধ্যৱাই মাখনিক উপহাস কৰিছিল। স্বামী নামৰ এখন আকাশ যিখন আকাশে ৰঙা বেলি আঁকি দিয়ে প্ৰতিগৰাকী নাৰীৰ কপালত সেই সৌভাগ্যৰ পৰা ক'ম বয়সতেই কেনেকৈ বঞ্চিত হৈছিল মাখনি?বেলিবিহীনতাই মাখনিক জানো কোঙা কৰিব পাৰিছিল ! কিমান শক্তিশালী মাখনি ! বেলিবিহীন জীৱনে  আনি দিয়া বাধাসমূহ আঁতৰাই সন্তান কেইটিক মানুহ কৰাৰ সাধনাত ব্ৰতী মাখনি সমাজৰ আদৰ্শ হৈয়ো পিছপৰি ৰৈছিল কেৱল বৈধব্যৰ বাবেই।

মাতৃস্নেহৰ উমাল পৰসেৰে মাখনি চৰিত্ৰটোক অন্য এক মাত্ৰা দিছে লেখিকাগৰাকীয়ে। প্ৰতিগৰাকী মাতৃয়ে বুকুত  কঢ়িয়াই ফুৰে এখনকৈ আকাশ যি আকাশৰ তলত ওমলে সন্তানে। সন্তানৰ মমতাই মাতৃসকলক যিদৰে মমতাময়ী কৰি তোলে তেনেদৰে সাহসীও কৰি তোলে। মাখনিও সেই মমতাৰেই অতি শক্তিশালী। পুলি পোখা সামৰি মাখনিয়ে নিজকে এগৰাকী কঠোৰ নাৰী হিচাপে গঢ়ি তুলিছে।কিন্তু কঠোৰতাই জানো সকলো সমাধান ! নহয় । আবেগো স্বতস্ফুত মানৱ জীৱনত। মাখনিনো কেনেকৈ ব্যতিক্ৰম হ'ব! মাখনিও ভাগি পৰে ৰংমনৰ ভাৱনাই যেতিয়া হৃদয়খন কপাই তোলে। নিৰৱে চকুপানীখিনি সামৰিব খুজিলেও ৰংমনে দি যোৱা সপোন কেইটিয়ে মাখনিক অকলশৰে চকুপানী সামৰিবলৈ নিদিয়ে। সকলোৱে মাখনি নামৰ চালিখনৰ তলত সমানে ভগাই লয় সুখ দুখ প্ৰতি অনুভৱক।লেখিকাই সময়ৰ গতিশীলতাৰ সৈতে মাখনিহতঁকো আগুৱাই নিছে।মাখনিৰ গোটেইকেইটা সন্তানেই উচ্চশিক্ষিত ৰূপে সমাজত প্ৰতিষ্ঠা লভাটোৱে মাখনিক পৰিতৃপ্তি দিছিল। একোঠালীয়া ঘৰটো বহল হৈছিল ধীৰে ধীৰে।এখন বিচনা, এটা টিপচাকিৰ পোহৰে পোহৰোৱা মাখনিৰ প্ৰতিটো সন্তানৰ সৈতে ভগাই লোৱা অনুভৱবোৰো একোঠালিতে আবদ্ধ নাথাকি আঁতৰি যোৱাটোৱে মাখনিক চিন্তিতও কৰিছিল । লেখকে ইয়াৰ মাজেৰে প্ৰতিপত্তিৰ প্ৰভাৱে একক কৰি তোলা সমাজৰ একশ্ৰেণীৰ লোকক আঙুলীয়াইছে।কেৱল যন্ত্ৰনাই জানো জীৱনৰ সহচৰ। নিশ্বয় নহয়,প্ৰেম অবিহনে জীৱন জানো সম্পূৰ্ণ ! নহয় , হোৱা হ'লে মাখনিয়ে ৰংমন বিহীনতাৰ অপ্ৰাপ্তি কঢ়িয়াই নুফুৰিলে হেতেন। মৃগনাভৰ অপেক্ষাৰে ধৃতি বাউলী নহ'ল হেতেন। লেখকে উপন্যাসখনত প্ৰেম আৰু সংগ্ৰামৰ মাজৰ সাঁকোডাল এনে নিকপকপীয়াকৈ বান্ধিছে য'ত সংগ্ৰামক বাদ দি প্ৰেমৰ বাখ্যা কৰিব নোৱাৰি।নাৰী শক্তিশালী এই শক্তিক স্বনিৰ্ভৰশীলতাই  আৰু অধিক উৰ্বৰা কৰি ৰাখে। লেখকে এই বাখ্যাৰেই উপন্যাসখনৰ সামৰণি মাৰিছে।২০১৮ বৰ্ষত  চন্দ্ৰ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত এই উপন্যাসখনে ২০১৯ বৰ্ষলৈ চাৰিটা সংস্কৰণেৰে বৰ্তমানো চৰ্চিত হৈ আছে। ২৯০ টকা মুল্যৰ এই গ্ৰন্থখন  ৰাস্না পালকৰ চপা হোৱা প্ৰথমখন উপন্যাস।

No comments