Page Nav

HIDE

Grid

GRID_STYLE

অগ্নিময় তিৰাশীৰ ফেব্ৰুৱাৰীত তেজে তুমৰলি হোৱা মোৰ সতীৰ্থ

আৰক্ষীৰ গুলি বৰ্ষণত  থিতাতে শ্বহীদ  হৈছিল কুলেন    .....বৃহত্তৰ পশ্চিম দৰং এলেকাৰ ভিন্ন ঠাইৰ পৰা আবাল বৃদ্ধ বনিতা ওলাই আহি  সম দলত যোগ দিছিল...


আৰক্ষীৰ গুলি বৰ্ষণত  থিতাতে শ্বহীদ  হৈছিল কুলেন 

 .....বৃহত্তৰ পশ্চিম দৰং এলেকাৰ ভিন্ন ঠাইৰ পৰা আবাল বৃদ্ধ বনিতা ওলাই আহি  সম দলত যোগ দিছিল...... সিদিনাৰ গুলিবৰ্ষণৰ শব্দবোৰ আৰু আতংকিত ভাৱে দৌৰা দৌৰি হোৱা দৃশ্যবোৰ আজিও মনত সজীৱ হৈ আছে....

মনোৰঞ্জন শৰ্মাঃ

১৯৮৩ চন। বিদেশী বহিষ্কাৰ আন্দোলনৰ ভৰপক। ৰাইজৰ নিৰ্বাচন বৰ্জন। কৰ্মচাৰীৰ অসহযোগ। চাৰিওফালে জুই চাই আৰু ধোঁৱা। কৰবাত যদি বিদেশীয়ে অসমীয়াৰ ঘৰ জ্বলাইছে, আন এঠাইত আকৌ অসমীয়াই বিদেশীৰ ঘৰ জ্বলাইছে। অসমৰ চুকে কোনে চি আৰ পি, মিলিটেৰী। কৰবাত যদি গুলি বৰ্ষণ অন্য এঠাইত ধৰ্ষণ। ঠায়ে ঠায়ে থানা জ্বলিছে। ঠায়ে ঠায়ে জ্বলিছে দলং। মূঠতে অসমৰ চুকে কোনে হত্যা, লুন্ঠন, ধৰ্ষণ, অগ্নি সংযোগ, লাঠীচালনা, গুলি চালনা, নিৰুদ্দেশৰ আদিৰ খবৰ।

সি যি কি নহওক, অসম আন্দোলনৰ প্ৰতিটো কাৰ্যসূচীতে বৃহত্তৰ পশ্চিম দৰং অঞ্চলৰ ৰাইজেও সক্ৰিয় অংশ লৈছিল। সেইদিনা আছিল ১৯৮৩ চনৰ ২ ফেব্ৰুৱাৰী। আনদিনাৰ দৰেই আছিল এটা গতানুগতিক দিন। মংগলদৈ মহাবিদ্যালয়ৰ প্ৰাক বিশ্ববিদ্যালয় শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণ কৰি দুনী নিবাসী কুলেন্দ্ৰ শৰ্মা ঘৰ অভিমুখে ৰাওনা হৈছিল। কাৰণ তেওঁ লোকৰ ভেৰুৱাদলস্থ পামৰ ঘৰত এখন বিবাহ অনুষ্ঠান। আন্দোলনৰ পৰিপেক্ষিতত বাছ চলাচল অনিয়মীয়া হৈ পৰিছিল। ফলত ছিপাঝাৰৰ পৰা খোজকাঢ়ি দুনীলৈ আহিছিল  কুলেন শৰ্মা। হয়তোবা তেওঁক দেশ সেৱাৰ আহ্বানে হাত বাউল দি মাতিছিল।

 .......তুমি আমাৰ ভৱিষ্যতৰ বাবে জীৱন উৎসৰ্গা কৰিলা। পৰৱৰ্তী কালত একাংশ অ গ প নেতাই তেখেত সকলৰ শ্ৰম বুদ্ধি জাতিৰ বাবে প্ৰয়োগ কৰিলে জানো-এয়া এক ডাঙৰ প্ৰশ্ন হৈ থাকি গ'ল.....

দুনীলৈ আহিয়েই  ভেৰুৱাৰ পাম ঘৰৰ বিবাহ অনুস্থানত উপস্থিত হৈছিল। তাত তেওঁ 'নিম্‌কী' পোৰা কামত হাত উজান দিছিল বুলি জনা যায়। এনেতে  প্ৰতিবাদী কাৰ্যসূচী লৈ উগ্ৰ জনতা আগবাঢ়িছিল বুঢ়া আৰক্ষী চকী অভিমুখে। তেতিয়া সময় নিশা সাতমান বাজিছিল। বৃহত্তৰ পশ্চিম দৰং এলেকাৰ ভিন্ন ঠাইৰ পৰা আবাল বৃদ্ধ বনিতা ওলাই আহি  সম দলত যোগ দিছিল। সেই সময়ত কিছু ঠাইত আৰক্ষী চকী জ্বলাই দিয়া হৈছিল। ফলত শ শ লোকৰ সমদল দেখি আৰক্ষী চকিত থকা চি আৰ পি যোৱান শংকিত হৈ পৰিছিল। সমদলৰ ওপৰত হল গুলি বৰ্ষণ। কেইবাজনো আহত হল। কুলেন শৰ্মাৰো থিতাতে মৃত্যু হল। বিয়াত মলা আতা ময়দা লাগি থকা হাতখনৰেই দেশমাতৃৰ আহ্বান আকোৱালি ললে। পিছদিনা পুৱা প্ৰচাৰ হল তেওঁৰ মৃত্যুৰ খবৰ। আৰক্ষী চকী এলেকাত দিয়া হল সান্ধ্য আইন। তেতিয়াৰে পৰা দুনী আঞ্চলিক ছাত্র সন্থাই দুই ফেব্ৰুৱাৰী তাৰিখটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে।

স্বল্পভাষী ভাষি সহজ সৰল ছাত্ৰ কুলেন্দ্ৰ শৰ্মা এই লিখকৰ সতীৰ্থ। কুলেন আছিল লিখক, সাংবাদিক, শিক্ষক অভিনেতা ৰজনীকান্ত শৰ্মা আৰু সুগৃহিনী নাগেশ্বৰী দেৱীৰ দ্বিতীয় পুত্ৰ। তেঁও আছিল সেই সময়ৰ দুনী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক। তেওঁ আছিল সকলো সৎ কামৰ আগৰণুৱা। আৰক্ষীয়ে গুলিওৱাৰ পিছত স্থানীয় চিকিৎসালয়ত মানুহৰ ভিৰ হৈছিল। এই লিখক কিছু সময় তাত আছিল যদিও সেই মূহুৰ্তত কোনোবা যে ঢুকাইছে জনা নাছিল। সমদলত থানাৰ পৰা প্ৰায় বড়বৰী চকলৈ মানুহৰ লানি লাগিছিল। সিদিনাৰ গুলিবৰ্ষণৰ শব্দবোৰ আৰু আতংকিত ভাৱে দৌৰা দৌৰি হোৱা দৃশ্যবোৰ আজিও মনত সজীৱ হৈ আছে। কুলেন, তুমি যতে শান্তিত থাকা। তুমি আমাৰ ভৱিষ্যতৰ বাবে জীৱন উৎসৰ্গা কৰিলা।  পৰৱৰ্তী কালত একাংশ অ গ প নেতাই তেখেত সকলৰ শ্ৰম বুদ্ধি জাতিৰ বাবে প্ৰয়োগ কৰিলে জানো-এয়া এক ডাঙৰ প্ৰশ্ন হৈ থাকি গ'ল!

No comments