অইল ইণ্ডিয়াই মাগুৰি মটাপুং বিলৰ সৌন্দৰ্য-পৰিৱেশ-জৈৱ বৈচিত্ৰ্যক ধ্বংস কৰিব বিচাৰছে ...এতিয়াও বাৰেকুৰি আঞ্চলিক যুৱ সংঘ আৰু বাৰেকুৰি আঞ্চলিক ম...
অইল ইণ্ডিয়াই মাগুৰি মটাপুং বিলৰ সৌন্দৰ্য-পৰিৱেশ-জৈৱ বৈচিত্ৰ্যক ধ্বংস কৰিব বিচাৰছে
...এতিয়াও বাৰেকুৰি আঞ্চলিক যুৱ সংঘ আৰু বাৰেকুৰি আঞ্চলিক মহিলা সমিতিৰ নেতৃত্বই আন্দোলন সফল কৰি পৰিৱেশ-প্ৰকৃতি সুৰক্ষিত ৰাখিবলৈ যৎপোনাস্তি চেষ্টা অব্যাহত ৰাখিছে...
বিশেষ প্ৰতিবেদনঃ
অসমৰ তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলৰ গৌৰৱ মাগুৰি মটাপুং বিলৰ কাষতে অইল ইণ্ডিয়াই তৈলখনন কৰি মাগুৰি মটাপুং বিলৰ সৌন্দৰ্যৰ লগতে উক্ত খননৰ জৰিয়তে পৰিৱেশ-জৈৱ বৈচিত্ৰ্যক ধ্বংস কৰিব বিচাৰছে। উল্লেখ্য যে বাঘজান BGR 5নং খাদৰ বিভিষিকা মাৰ নাযাওতেই পূণৰ বন আৰু বন্য প্ৰাণী আইন উলংঘা কৰি, পৰিৱেশ প্ৰভাৱ মুল্যাংকন( EIA), পৰিৱেশ মন্ত্ৰালয় (MOEF), ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদ( NBWL ), পৰিৱেশ ব্যৱস্থাপনা পৰিকল্পনা( EMP) অবিহনেই বাঘজান বাগানৰ ৬নং লাইনত মটাপুং মাগুৰি বিলৰ বুকুত তেল খননৰ প্ৰস্তুতি চলিছে। মটাপুং মাগুৰি বিল বাৰেকুৰিৰে গৌৰৱ তেনে নহয় তিনিচুকীয়াৰ জিলাৰ গৌৰৱ, অসমৰ গৌৰৱ, বিশ্বৰ গৌৰৱ । ইয়াৰ উপৰিও বাৰেকুৰি , ঢেলাখাট ,গটং, নিমুগুৰি ,নতুন ৰঙাগড়া,বাঘজান দীঘলটৰং হাজাৰ হাজাৰ মৎস্যজীৱীৰ জীৱন জিৱীকাৰ থলী।
অইল ইণ্ডিয়া লিমিটেডে তৈলখাদ স্হাপনৰ নামত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট আৰু জন-জীৱন স্তব্ধ কৰাটো ৰাইজে নিবিচাৰে। বিশ্ব বিখ্যাত আন্তঃৰাষ্ট্ৰীয় পক্ষীবিল মতাপুং মাগুৰী বিল দেশী-বিদেশী স্হানীয় পৰিভ্ৰমী পক্ষীৰ লগতে বিভিন্ন প্ৰজাতিৰ মাছ-কাছ , জলজ উদ্ভিদ আৰু জলজ প্ৰাণীৰ এক ৰম্যভূমি। বছৰৰ প্ৰায় সকলো সময়তে দেশী-বিদেশী পৰ্যটক আৰু পক্ষীবিদ সকলৰ এক আকৰ্ষণৰ কেন্দ্ৰ মতাপুং মাগুৰী বিল। এই বিলতে মৎস্য ব্যৱসায় কৰি ইয়াৰ দাঁতিকাষৰীয়া প্ৰায় সংখ্যক লোকে জীৱিকা-নিৰ্বাহ কৰাৰ লগতে পৰিয়াল পোহপাল দি আহিছে। আৰু এই বিলখনেই তেওঁলোকৰ জীৱিকাৰ মূল উৎস। অতি সম্প্ৰতি এই বিলৰ কাষত অইল ইণ্ডিয়া লিমিটেডে নতুনকৈ খাদ স্হাপন কৰাৰ কাৰ্যক ইয়াৰ ৰাইজ, সমাজৰ সচেতন মহলে আৰু স্হানীয় দল সংগঠনে সহজভাৱে মানি ল'ব পৰা নাই। এই বিলৰ কাষত নতুনকৈ তৈলখাদ স্হাপন কৰিলে সুদুৰ ভৱিষ্যৎ বাঘজানৰ দৰে অনুৰূপ ঘটনা সংঘটিত হ'লে বিলখনৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট আৰু দাঁতিকাষৰীয়া ৰাইজৰ জন-জীৱন স্তব্ধ হৈ পৰিব। এই শংকাত ভুগি ৰাইজে বিলৰ কাষৰ পৰা খাদটোত স্থানান্তৰ কৰিবলৈ ইতিমধ্যে দাবী জনাইছে। এই ক্ষেত্ৰত গুৰু ভূমিকা পালন কৰিছে বাৰেকুৰি আঞ্চলিক যুৱ সংঘ আৰু বাৰেকুৰি আঞ্চলিক মহিলা সমিতিয়ে। এই দুয়োটা সংগঠনে দাবী জনায় আহিছে যদিও অইল কৃতপক্ষ আৰু জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাত যোৱা ০৩/০৪/২০২১ তাৰিখৰ পৰা "অইল অৱৰোধ" কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু যোৱা ০৬/০৪/২০২১ তাৰিখে এখন ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হৈছিল যদিও কোনো যোগাত্মক সহাঁৰি আৰু সিধান্ত দিব নোৱাৰাত আলোচনা বিফল হয়। আৰু দুয়োটা সংগঠনে আৰু ৰাইজে পুনৰ অইল অৱৰোধ কাৰ্যসূচী বাহাল ৰাখিছে। বাৰেকুৰি আঞ্চলিক যুৱ সংঘই প্ৰতিষ্ঠাকালৰ পৰা অঞ্চলটোৰ বিভিন্ন সমস্যাৰ লগতে অসমৰ জাতীয় জীৱনৰ বিভিন্ন সমস্যাৰ ওপৰত মাত মাতি আহিছে। আৰু বিভিন্ন সময়ত বাৰেকুৰি আঞ্চলিক যুৱ সংঘই বিভিন্ন দিশত সফলতা লাভ কৰিছে।
এতিয়াও বাৰেকুৰি আঞ্চলিক যুৱ সংঘ আৰু বাৰেকুৰি আঞ্চলিক মহিলা সমিতিৰ নেতৃত্বই আন্দোলন সফল কৰি পৰিৱেশ-প্ৰকৃতি সুৰক্ষিত ৰাখিবলৈ যৎপোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ নেতৃত্বই কয় "আমাৰ সংগ্ৰামত বাৰেকুৰিবাসী ৰাইজৰ স্বতঃস্ফুট অংশগ্ৰহণ। আন্দোলন শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে চলি আছে। যদিহে প্ৰশাসন তথা অইলে দমন নীতি প্ৰয়োগ কৰি আন্দোলন মষিমূৰ কৰিবলৈ চেষ্টা কৰে তেতিয়া হলে পৰিস্থিতি জটিল হব। সময় থাকোতে আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰক। আমাৰ সমস্যা আৰু দাবীক গুৰুত্ব প্ৰদান কৰিবলৈ সকলো পক্ষলৈ বিনম্ৰ অনুৰোধ জনালোঁ।"
No comments