Page Nav

HIDE

Grid

GRID_STYLE

পাপু: শিল্পকৰ্মৰে বাৰ্তা দি সমাজক সজাগ সচেতন কৰে যি

যাৰ তুলিকাত প্ৰাণৱন্ত ছবি, ভাস্কৰ্যত জীৱন্ত ৰূপত  শিল্পকলাক বাদ দি তেওঁ যেন চলিব নোৱাৰে...ছবিৰ দ্বাৰা নানা বাৰ্তা দি সজাগ সচেতন কৰাত সহায় কৰ...


যাৰ তুলিকাত প্ৰাণৱন্ত ছবি, ভাস্কৰ্যত জীৱন্ত ৰূপত 

শিল্পকলাক বাদ দি তেওঁ যেন চলিব নোৱাৰে...ছবিৰ দ্বাৰা নানা বাৰ্তা দি সজাগ সচেতন কৰাত সহায় কৰিব পাৰি


 জ্যোতি প্ৰসাদ শৰ্মা:

এগৰাকী যুৱকৰ হাতৰ পৰশত প্ৰাণ পাই উঠে একোএকোখন হৃদয়স্পৰ্শী ছবিয়ে ৷ জীৱন্ত হৈ উঠে বিভিন্ন বাস্তৱ ছবি তেওঁৰ তুলিকাত  ৷ যিবোৰ দেখি মুগ্ধ হয় ছবি ভালপোৱা মনুহবোৰ ৷ প্ৰশ্ন  হয়, কিদৰে তেওঁ অঁকা ছবিবোৰ কেনভাচত প্ৰাণৱন্ত হৈ ধৰা দিয়ে ৷ সকলোৰে মানসপটত স্হান লয় সেই ছবিবোৰে ৷ অসমৰ এগৰাকী প্ৰতিভাৱান শিল্পী--কাজিৰঙাৰ পাপু ঘোষ ৷ সৰুৰে পৰাই ছবি অঁকাৰ প্ৰতি ধাউতি৷ ছবিৰ প্ৰতি আছে দুৰ্বলতা ৷ যাৰ বাবে নিৰৱছিন্নভাৱে শিল্পকৰ্মত মনোনিৱেশ কৰি আহিছে ৷ গুৱাহাটীৰ  চাৰু কাৰুকলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি পিছলৈ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় ৷ ভাস্কৰ্য কলা তেওঁৰ প্ৰধান বিষয় ৷ পঢ়ি থকা সময়ত তেওঁ বহুতো শিল্প কামত জড়িত হৈ নিজৰ পঢ়াৰৰ খৰচ উলিওৱাৰ উপৰি নানা সৃষ্টিশীল কামৰ মাজেৰে নিজৰ শিল্প প্ৰতিভাৰ উমান দি আহিবলৈ সক্ষম হয় ৷ শিক্ষা সমাপ্ত কৰি আহি নিজ গৃহ অঞ্চলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নানা শিল্প কলাৰ প্ৰশিক্ষণত ভাগ লৈ উদীয়মান শিল্পীসকলক শিল্পকলাৰ জ্ঞান দিয়াৰ লগতে তেওঁলোকক আগুৱাই যোৱাত উৎসাহিত কৰি আহিছে ৷ 

কাজিৰঙাত স্হাপন কৰা 'টোকোৰা দ্য ক্ৰিয়েচন' নামৰ শিল্পকলাৰ কৰ্মক্ষেত্ৰ তথা ষ্টুডিঅ’টোত  টেৰাকোটাকে আদি কৰি বিভিন্ন মাধ্যমত নিৰ্মাণ কৰা শিল্পকৰ্ম সমূহে পৰ্যটকক আকৰ্ষিত কৰিছে ৷ তেওঁ বিভিন্ন সময়ত বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰীৰ মাজলৈ গৈ প্ৰদান কৰি আহিছে চিত্ৰ অংকনৰ কলা-কৌশল ৷ সমাজত দেখি থকা বিভিন্ন বস্তু তথা পৰিৱেশ শিল্পৰ জড়িয়তে সুন্দৰভাৱে উপস্থাপন কৰি মানুহক কিদৰে  মুগ্ধ কৰিব পাৰি তাৰ কিটিপ


 দেশত চলি থকা লকডাউনৰ সময়ছোৱাত তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠা কেইখনমান জীৱন্ত ছবিয়ে বেছ প্ৰশংসা লাভ কৰা দেখিবলৈ পোৱা যায় ৷ ছ’চিয়েল মাধ্যমৰ লগতে বিভিন্ন প্ৰচাৰ মাধ্যমত তেওঁ অংকন কৰা ছবিসমূহে ৰাইজৰ মন আকৰ্ষণ কৰা পৰিলক্ষিত হয় ৷ কাজিৰঙাত স্হাপন কৰা 'টোকোৰা দ্য ক্ৰিয়েচন' নামৰ শিল্পকলাৰ কৰ্মক্ষেত্ৰ তথা ষ্টুডিঅ’টোত  টেৰাকোটাকে আদি কৰি বিভিন্ন মাধ্যমত নিৰ্মাণ কৰা শিল্পকৰ্ম সমূহে পৰ্যটকক আকৰ্ষিত কৰিছে ৷ তেওঁ বিভিন্ন সময়ত বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰীৰ মাজলৈ গৈ প্ৰদান কৰি আহিছে চিত্ৰ অংকনৰ কলা-কৌশল ৷ সমাজত দেখি থকা বিভিন্ন বস্তু তথা পৰিৱেশ শিল্পৰ জড়িয়তে সুন্দৰভাৱে উপস্থাপন কৰি মানুহক কিদৰে  মুগ্ধ কৰিব পাৰি তাৰ কিটিপ৷ ইতিমধ্যে তেওঁ বহুতো বৰেণ্য ব্যক্তিৰ প্ৰতিমূৰ্ত্তি সাজি উলিওৱাৰ লগতে তুলিকাৰে কেনভাচত জীৱন্ত ৰূপত দাঙি ধৰি ভূয়সী প্ৰশংসা বুটলিব সক্ষম হৈছে ৷ তেওঁ জানিব দিয়া মতে শিল্পকলাক বাদ দি তেওঁ যেন চলিব নোৱাৰে ৷ এই কামৰ জড়িয়তে তেওঁ আগুৱাই যাব বিচাৰে ৷ এই কামৰ দ্বাৰা যে মানুহে নিজৰ লগতে সংসাৰ এখন সুন্দৰভাৱে চলাই নিব পাৰে তথা সমাজক ছবিৰ দ্বাৰা নানা বাৰ্তা দি সজাগ সচেতন কৰাত সহায় কৰিব পাৰি সেই কথা জানিবলৈ দিয়ে ৷ অহৰহ শিল্পৰ লগত জড়িত এইগৰাকী শিল্পীয়ে যাতে অদূৰভৱিষ্যতে আৰু সুন্দৰ ভাল ছবি ৰাইজক উপহাৰ দি যায় সেয়া সকলোৱে কামনা কৰে ৷

No comments