Page Nav

HIDE

Grid

GRID_STYLE

‘অসম আন্দোলন’ৰ ফেচিষ্টবাদী কাৰ্যৰ জলন্ত প্ৰমাণ আৰ্নে তিৰাশী গাঁৱৰ বাঙালীসকল

  হিংস্ৰতাৰ সাক্ষী ঈশ্বৰ নমসূদ্ৰৰ শৰীৰৰ চিহ্নবোৰ  . ...সিহঁতৰ কোনোবাই মাটিত পৰি চিঞৰি থকা কেঁচুৱাটোক দাৰে ঘপিয়াই দুটুকুৰা কৰিলে...মই চিঞৰি উ...

 

হিংস্ৰতাৰ সাক্ষী ঈশ্বৰ নমসূদ্ৰৰ শৰীৰৰ চিহ্নবোৰ

 ....সিহঁতৰ কোনোবাই মাটিত পৰি চিঞৰি থকা কেঁচুৱাটোক দাৰে ঘপিয়াই দুটুকুৰা কৰিলে...মই চিঞৰি উঠিবলৈ চেষ্টা কৰিলো আৰু তেতিয়াই সিহঁতৰ কেইজনমানে মোক ঘপিয়ালে, যাঠিৰে খুচিলে, ধেনুকাড়েৰে বুকু-পেটত বিন্ধিলে..কিছু পিছত  আন এটা দলে বন্দুকৰ গুলী ফুটালে... মোৰ ভৰিত গুলী লাগিল...তাৰ পিচত মই অজ্ঞান হৈ পৰি ৰ’লো...

 দিগন্ত শৰ্মাঃ

[ধেমাজিৰ চিলাপথাৰৰ নিকটৱৰ্তী আৰ্নে-চাপৰি , চিমেন-চাপৰি আদিত বাস কৰা বাংলাভাষী হিন্দু মানুহৰ গাঁওসমূহত ফেব্ৰুৱাৰী মাহৰ ২0 আৰু  ২১ তাৰিখত ধাৰাবাহিকভাৱে চলে ভয়াৱহ আক্ৰমণ, সংঘটিত হয় গণনিধন কাণ্ড৷অসমীয়াভাষী আৰু জনজাতীয় হাজাৰ হাজাৰ লোকে একত্ৰিত হৈ অতিকে নিৰ্মম আৰু জঘন্যভাৱে আক্ৰমণ কৰে চিলাপথাৰৰ নিকতৱৰ্তী আৰ্নে চাপৰিৰ বৃহত্তৰ এলেকাত– য’ত আজিও আছে হাজাৰ হাজাৰ নিপীড়িত-নিৰ্যাতিত ভুক্তভোগী জনসাধাৰণ৷  সেই নৃশংস, নাৰকীয় ঘটনাৰ ন্যায়প্ৰাপ্তি অপেক্ষাত আজিও দিন অতিবাহিত কৰিছে দুৰ্গম অৰ্নে চাপৰি এলেকাত৷ সেই নিৰীহ বাঙালী লোকসকল বিদেশী বহিষ্কাৰ আন্দোলনে সৃষ্টি কৰা সংঘাতৰ কিদৰে বলি হৈছিল, সেই সংঘাতৰ পূৰ্বৰ আৰু পিচৰ প্ৰব্ৰজন [Migration] বা স্থানান্তৰণ [Displacement] পৰিস্থিতি, সংঘাতৰ পৰৱৰ্তী পৰ্যায়ৰ ন্যায়াপ্ৰাপ্তিৰ ব্যৱস্থাই নিপীড়িতসকলক কিদৰে প্ৰভাৱিত কৰিলে, পৰৱৰ্তী দিনত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত নিৰ্যাতিতসকলৰ ভূমিকা কি আছিল...৷ অগ্নিগৰ্ভা ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহত অসমত বাঙালীসকল কিদৰে নিৰ্যাতিত হৈছিল– ক্ষেত্ৰভিত্তিক অধ্যয়নেৰে যুগুত কৰা হৈছে এই প্ৰতিবেদন:]


প্ৰতিবেদন-8

আৰ্নে তিৰাশী গাঁৱৰ এগৰাকী ব্যক্তি ঈশ্বৰ নমসূদ্ৰ৷ প্ৰায় ৭৩ বছৰীয়া বৃদ্ধজন বিদেশী বিতাড়ন আন্দোলনৰ সময়ত বয়স আছিল প্ৰায় দুকুৰি৷ সেইজন ঈশ্বৰ নমসূদ্ৰৰ এতিয়া সৰ্বশৰীৰত আঘাতৰ চিহ্ন৷ মূৰত যদি ডাৰ ঘাপৰ চিহ্ন, পিঠিত যাঠিৰ খোচৰ চিহ্ন, ভৰিত বন্দুকৰ গুলী লগাৰ ক্ষত চিহ্ন, হাতত তৰোৱালৰ ঘাপৰ চিন, বুকুত ধেনুকাড়ে বিন্ধাৰ চিহ্ন স্পষ্ট৷ঈশ্বৰ নমসূদ্ৰই কৈছিল– ‘আমাৰ গাঁওখনৰ চাৰিওফালে ওখ ওখ খাগৰি বন আছিল৷ সেয়ে আক্ৰমণ কৰিবলৈ অহা মানুহবোৰ কোনদিশেৰে আহিছে সেয়া ধৰিব পৰা নাছিলো৷ আমাৰ ওপৰত আক্ৰমণ কৰিবলৈ হাজাৰ হাজাৰ মানুহে হাই-উৰুমি কৰি অহাৰ উমান পাইছিলো৷ কি কৰা ভাল হ’ব বুলি ভাবি থাকোতেই ৰাতিপুৱাতেই গাঁওখন ঘেৰি ধৰিলে অসমীয়াভাষী, মিছিং জনগোষ্ঠীৰ একাংশ লোকে৷ সিহঁতৰ হাতত অগণন অস্ত্ৰ-শস্ত্ৰ৷ আমাৰ ঘৰ এৰি পলোৱাৰ বাহিৰে উপায় নাছিল৷ সেয়ে সকলোৱে দৌৰিবলৈ ধৰিলে দক্ষিণ দিশে থকা ব্ৰহ্মপুত্ৰ নদীৰ ফালে৷

সিহঁতৰ কোনোবাই মাটিত পৰি চিঞৰি থকা কেঁচুৱাটোক দাৰে ঘপিয়াই দুটুকুৰা কৰিলে...মই চিঞৰি উঠিবলৈ চেষ্টা কৰিলো আৰু তেতিয়াই সিহঁতৰ কেইজনমানে মোক ঘপিয়ালে, যাঠিৰে খুচিলে, ধেনুকাড়েৰে বুকু-পেটত বিন্ধিলে..

আমাৰ গাঁওখনৰ মানুহবোৰক আক্ৰমণকাৰীয়ে চাৰিওফালে যে ঘেৰি লৈছিল আমি গম পোৱা নাছিলো৷ আন মানুহবোৰৰ দৰে ময়ো মোৰ নমহীয়া ল’ৰা অজিতক কোলাত লৈ দৌৰিলো প্ৰাণ বছাবলৈ৷ কিন্তু সন্মুখৰ পৰা এদল মানুহে মোক ভেটি ধৰিলে৷ সিহঁতৰ কোনোবা এজনে মোক দীঘল লাঠিৰে কোব মাৰিলে৷ মই বাগৰি পৰিলো৷ লগে লগে মোৰ হাতৰ পৰা ওলাই চিটিকি পৰিল নমহীয়া কেঁচুৱাটো৷ মই বাগৰি পৰি কেঁচুৱাটো ক’ত পৰিল বুলি চাওতেই দেখিলো সিহঁতৰ কোনোবাই মাটিত পৰি চিঞৰি থকা কেঁচুৱাটোক দাৰে ঘপিয়াই দুটুকুৰা কৰিলে৷ এই দৃশ্য দেখি মই চিঞৰ মাৰি উঠিবলৈ চেষ্টা কৰিলো আৰু তেতিয়াই সিহঁতৰ কেইজনমানে মোক ঘপিয়ালে, যাঠিৰে খুচিলে, ধেনুকাড়েৰে বুকু-পেটত বিন্ধিলে৷ সিহঁতে গ’ল কিন্তু কিছু পিছত ঘৰত দুই দিবলৈ অহা আন এটা দলে বন্দুকৰ গুলী ফুটালে৷ মোৰ ভৰিত গুলী লাগিল৷ তাৰ পিচত মই অজ্ঞান হৈ পৰি ৰ’লো৷ সেইদিনাই সন্ধিয়া কোনোবাই মোক তুলি নিলে৷ পিচদিনা আশ্ৰয় শিবিৰলৈ ডাক্টৰ আহিল৷ চিকিৎসা কৰিলে৷ প্ৰায় এমাহ শিবিৰত থকাৰ পিচত লখিমপুৰলৈ গৈ হাস্পতালত ভৰ্তি হ’লো৷



মোৰ গোটেই শৰীৰৰ আঘাতবোৰৰ চিকিৎসা কৰাওতে বহু হাজাৰ টকা খৰচ হ’ল৷ আজিও শৰীৰৰ প্ৰচণ্ড বিষ-যন্ত্ৰণাত মই ছটফটাই থাকো৷ সেই নৃশংস আক্ৰমণত মৰি যোৱা হ’লেও ভালেই আছিল৷ নমৰিলো৷ মানুহৰ হিংস্ৰতাৰ সাক্ষী হৈ জীয়াই আছো৷ পিছে গোটেই দেহটোৰ আঘাতৰ বিষ-বেদনাতকৈয়ো মনত যি ঘা এটুকুৰা থাকি গ’ল– তাৰ বিষ-বেদনা কিমান সেয়া বুজাব নোৱাৰো৷ মনৰ আঘাত-বিষ-যন্ত্ৰণাৰ উপশম কৰাৰ বাবে হাস্পতালত চিকিৎসা হ’ব কেনেকৈ?...আৰ্নে তিৰাশী গাঁৱৰ ঈশ্বৰ নমসূদ্ৰৰ সৰ্বশৰীৰৰ আঘাতৰ চিহ্নবোৰ যেন কেৱল যাঠি-দা-তৰোৱাল-ধেনুকাড় আদিৰ আঘাতৰ চিহ্ন নহয়৷ তেওঁৰ শৰীৰত থকা প্ৰতিটো ক্ষতচিহ্নই ‘অসম-অসমীয়াৰ অস্তিত্ব’ৰ নামত একাংশ খিলঞ্জীয়া হিংস্ৰ অসমীয়াই পৰিকল্পিতভাৱে প্ৰদৰ্শন কৰা নিল্লৰ্জ হিটলাৰী চৰিত্ৰৰ স্বাক্ষৰ৷ ‘অসম আন্দোলন’ৰ নেতৃত্ব তথা সমৰ্থক ব্যক্তিসকলে সৃষ্টি কৰা ফেচিষ্টবাদী কাৰ্যকলাপৰ জলন্ত প্ৰমাণ৷


[ অনুসন্ধানমূলক-স্বতন্ত্ৰ-মুক্ত সাংবাদিকতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ versatilestory.com-ক প্ৰয়োজন আপোনাৰ সহযোগিতা, পৰামৰ্শ আৰু আৰ্থিক সহায়ৰ। আমাৰ যাত্ৰাক আৰ্থিকভাৱে সহায় কৰিবলৈ মবাইল নম্বৰ ৮৬৩৮৬৯৮৪৫০-ত যোগাযোগ কৰক। আপুনি যি কোনো পৰিমানৰ আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। ]




No comments