Page Nav

HIDE

Grid

GRID_STYLE

আৰ্য-ভূমিত নাৰীৰ জীৱনৰ অন্য ৰূপ

পুৰুষতান্ত্ৰিক আইনে নাৰীক 'মানুহ'ৰূপে থাকিবলৈ দিয়েনে? এখন দেশৰ নাৰী সমাজৰ ওপৰতেই জাপি দিয়া হৈছে তেনে কিছু প্ৰথা, এনে কিছু আইন..........


পুৰুষতান্ত্ৰিক আইনে নাৰীক 'মানুহ'ৰূপে থাকিবলৈ দিয়েনে?

এখন দেশৰ নাৰী সমাজৰ ওপৰতেই জাপি দিয়া হৈছে তেনে কিছু প্ৰথা, এনে কিছু আইন....... তেওঁলোকক পৰম্পৰা আৰু বৈধতাৰ নামত কিছু অপৰাধমূলক কাৰু কাৰ্যৰ শিকলিৰে আঁতি আঁতি বান্ধি ৰখা হৈছে.....


নিশা ভূঞা : 

সময়ৰ সোঁতৰ সৈতেই দ্ৰুত গতিত আগবাঢ়ি গৈছে এই বিশ্ব। কেৱল বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ অগ্ৰগতিয়েই আমাক এই ক্ষেত্ৰত যে সহায় কৰিছে, তেনে নহয়। ব্যক্তিৰ প্ৰগতিশীল মানসিকতাইয়ো এই ক্ষেত্ৰত সমানেই বৰঙণি আগবঢ়াইছে। লগতে প্ৰতিখন দেশৰ বাবে নিৰ্ধাৰিত আইনেও কথাবোৰ নীতিগত আৰু সৰল কৰাত সহায় কৰিছে। ফলত পৰিৱৰ্তিত হৈছে পুৰাতন বহু ৰীতি নীতি, এলান্ধু কলীয়া সংস্কৃতি। সকলোৰে মঙ্গলৰ বাবেই কিছু ৰীতি নীতিৰ ইতিবাচক পৰিৱৰ্তন নিশ্চয় সম্ভৱ । কিন্তু যি পৰম্পৰা বা প্ৰথা আৰু যি মানসিকতাই কোনো ব্যক্তি সত্তাক মূলত: অপমানিত কৰিব পাৰে, প্ৰগতিৰ সেউজ বাটত আগবঢ়াই নিয়াৰ বিপৰীত পথেৰেহে গতি কৰাব পাৰে তেনে সকলো পৰম্পৰা বাৰু কেনে হ'ব পাৰে?কেনে হ'ব পাৰে সেই পৰিস্হিতি য'ত অবৈধ বহু কথাক বৈধ ৰূপ দিবলৈ আগবাঢ়ি আহে আইন ব্যৱস্থা ! কেনে হ'ব পাৰে তেনে নিচাত্মক মানসিকতা? আচৰিত ভাৱে আমি প্ৰায়েই নাম শুনি থকা এখন দেশৰ নাৰী সমাজৰ ওপৰতেই জাপি দিয়া হৈছে তেনে কিছু প্ৰথা, এনে কিছু আইন। তেওঁলোকক পৰম্পৰা আৰু বৈধতাৰ নামত কিছু অপৰাধমূলক কাৰু কাৰ্যৰ শিকলিৰে আঁতি আঁতি বান্ধি ৰখা হৈছে।

বিশ্বৰ ১৭ সংখ্যক বৃহত্তম দেশ ইৰাণ। প্ৰাকৃতিক গেছ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত থকা এই দেশখনতেই আকৌ পোৱা যায় বিশ্বৰ সৰ্বমুঠ তৈল ভাণ্ডাৰৰ ১০% । ১৯৩৫ খনলৈ দেশখনক পাৰ্চিয়া বা পাৰস্য নামেৰে জনা গৈছিল। পাৰ্চিয়ান ভাষাত ইৰাণ শব্দৰ অৰ্থ হৈছে আৰ্যৰ ভূমি। বিশ্বৰ প্ৰাচীন সভ্যতাৰে সমৃদ্ধ আৰ্যৰ এই ভূমিখণ্ডত বাৰু নাৰীৰ বাবে জীৱন সঁচাকৈ সহজ নে? এই ভূমিৰ নাৰীসলক সঁচাকৈয়ে বাৰু ঐশ্চৰ্যশালী নে? এই প্ৰশ্নৰ উত্তৰৰে পিছে আমাৰ দৰে বহুতকে জোকাৰি যাব পাৰে। কিয়নো নাৰী এই দেশত কোনো ব্যক্তিসত্তা নহয়, কেৱল জীৱন্ত এক ব্যৱহাৰযোগ্য সমলহে....বিশ্বৰ বহু দেশতেই ধৰ্ষণৰ গোচৰত অভিযুক্ত ধৰ্ষণকাৰীকক অতি কম সময়ৰ ভিতৰতে চৰম শাস্তি দিয়াৰ বিধান আছে। আমাৰ দেশ ভাৰতবৰ্ষতো বহু ধৰ্ষণকাৰীক ফাঁচীৰ দিয়াৰ হুকুম দিয়া হয় যদিও প্ৰায়ে বাস্তৱত সেয়া সম্ভৱ নহয়। পিছে ইৰাণৰ আইন এই ক্ষেত্ৰত যথেষ্ট সুকীয়া। ইৰাণৰ আইন অনুসৰি ধৰ্ষণকাৰীজনে ধৰ্ষিতা গৰাকীক বিয়া কৰাব লাগে। তেওঁ ক্ষেত্ৰত অমান্তি হ'লে আৰক্ষীয়ে তেঁওক বিবাহত বহিবলৈ বাধ্য কৰাব পাৰে। শুনিবলৈ এই নিয়ম বহুতৰে বাবে ভাললগা আৰু ন্যায়সন্মত হ'লেও ইয়াৰ আঁৰৰ ৰহস্য পিছে বেলগ। দৰাচলতে এইখন দেশত আইন সদায় পুৰুষৰ সপক্ষেই থকা দেখা যায়। এনেদৰে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছ মুহূৰ্ততেই পুৰুষজনে অৰ্থাৎ ধৰ্ষণকাৰীজনে নাৰীগৰাকীক "তালাক" দিব পাৰে। এই কাৰ্য্য সম্পূৰ্ণ বৈধ। সেয়ে হয়তো দেশখনত অবিবাহিতা নাৰীতকৈ বিবাহ বিচ্ছেদ হোৱা নাৰীৰ সংখ্যা অধিক। ইয়াকো নাৰীগৰাকীৰ ন্যায়ৰ নামত হোৱা অপমান বুলিব নোৱাৰিনে! তদুপৰি এইখন দেশত কোনো ছোৱালীৰ সৈতে কোনো দুৰ্ঘটনা হ'লে,ছোৱালীজনীক কোনোবাই শাৰীৰিক বা মানসিক ভাৱে নিৰ্যাতন চলালে ছোৱালীজনীৰ মাতৃকেই দোষী সাব্যস্ত কৰা হয়। তেওঁৰ ভুলৰ বাবেহে তেনে দুৰ্ঘটনা হোৱা বুলি ধৰা হয়।

আচৰিত ভাৱে ইৰাণত বৈবাহিক ধৰ্ষণৰ সৈতে জড়িত কোনো আইনী বিধান নাই। কিয়নো এগৰাকী বিবাহিতা নাৰীক এইখন দেশত স্বামীৰ সম্পত্তি বুলি গণ্য কৰা হয়। এই তথাকথিত সম্পত্তি তেওঁ কেনেদৰে ৰাখে, নাৰীগৰাকীয়ে সৈতে কেনে ব্যৱহাৰৰ কৰে সেয়া সম্পূৰ্ণ তেওঁৰ নিজা কথা বুলি ধৰি লোৱা হয়। এই ক্ষেত্ৰত নাৰীগৰাকীৰ পৰিয়ালৰ কোনো পুৰুষ সদস্যই নাৰীগৰাকীৰ স্বামীক কেৱল মৌখিকভাৱে বুজাবহে পাৰে, আইনৰ কাষ চাপিব নোৱাৰে। পিছে এইখন দেশৰ কোনো নাৰীয়ে কোনো পৰপুৰুষৰ সৈতে কথাও পাতিব নোৱাৰে, হিজাব পৰিধান নকৰাকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰিলে। কোনো নাৰীয়ে তেনে কৰিলে তেওঁক দুবছৰ বাবে কাৰাগৰলৈ প্ৰেৰণ কৰা হয়। এয়াই দেশখনৰ পুৰুষতান্ত্ৰিক আইন! অতীজৰে পৰা চলি অহা প্ৰথা ।

কোনো কোনো সময়ত আমি নাৰীৰ বিবাহৰ পূৰ্বে কুমাৰীত্বৰ পৰীক্ষা লোৱা বা প্ৰমাণ বিচৰাৰ কথা শুনিবলৈ পাওঁ। ই নাৰীৰ স্বাভিমানক আঘাট হানিব পৰা বিষয় বুলিয়েই আমি ভাবো। এনে প্ৰমাণ বিচৰা ব্যক্তিৰ মানসিকতাৰ ওপৰত আমি প্ৰশ্ন তোলোঁ। পিছে ইৰাণত এই বিষয়টো পৰম্পৰা ৰূপে অতীজৰ পৰাই প্ৰচলিত হৈ আছে। এই দেশত প্ৰতিগৰাকী নাৰীয়েই বিবাহৰ পূৰ্বে নিজৰ কুমাৰীত্বৰ প্ৰমাণ দিয়াটো বাধ্যতামূলক। কোনো নাৰীয়ে বিবাহৰ পূৰ্বে নিজৰ কুমাৰীত্ব হেৰুৱালে সেয়া ঘূৰাই পাবলৈ অস্ত্ৰোপচাৰৰো সহায় ল'ব পাৰে।আচৰিত ভাৱে সেই কাৰ্যক আকৌ বৈধ বুলি ধৰা হয়। এই অস্ত্ৰোপচাৰক হাইম'ন'প্লাষ্টি চাৰ্জাৰী বোলা হয়। কিছু বছৰ পূৰ্বে দেশখনৰ এগৰাকী মৌলানা আয়াতুল্লা ছিদ্দিক ৰুহানিয়ে এক ফতোৱাৰ জাৰী কৰি এই বৈধ্যতা নিশ্চিত কৰে। এই সকলো কথালৈ লক্ষ্য কৰিলে এটা কথাই মনলৈ আহে হে নাৰীৰ চৰিত্ৰ বিচাৰৰ বাবে এই প্ৰথাৰ যেন প্ৰচলন হোৱা নাছিল। কেৱল পুৰুষৰ সুখৰ আৰু ভোগৰ প্ৰতি লক্ষ্য ৰাখিহে নাৰীৰ মৰ্যাদা হানিকাৰী এই আজব প্ৰথাৰ প্ৰচলন ইৰাণত কৰা হয়।নাৰীৰ হৃদয়ৰ কোনো মূল্যই যেন এই দেশত নাই । এই দেশখনতেই প্ৰচলিত হৈ আছে অন্য এক আচহুৱা ব্যৱস্থা। ইৰাণত কোনো পুৰুষে এগৰাকী নাৰীৰ সৈতে কিছু ঘণ্টা, কিছু দিন অথবা সপ্তাহ , কিছু মাহ অথবা বৰ্ষৰ বাবে বিবাহপাশত আৱদ্ধ হ'ব পাৰে। মূলতঃ চুক্তিগত এই বিবাহ প্ৰক্ৰিয়াক নিকাহ মুতাহ বুলি অভিহিত কৰা হয়। মুতাহ শব্দৰ অৰ্থ হৈছে মজা বা আনন্দ। পুৰুষক আনন্দ দিবৰ বাবেই প্ৰচলিত এই বিবাহ প্ৰণালীক আইনী বেশ্যাবৃত্তি বুলিও অভিহিত কৰিব পাৰি। উল্লেখ্য যে , ইছলাম ধৰ্মত বেশ্যাবৃত্তিক হাৰাম অৰ্থাৎ পাপ বুলি গণ্য কৰা হয়। নিকাহৰ জৰিয়তে পত্নীৰ মৰ্যদা প্ৰদান কৰা নাৰীক বাবে অন্য নাৰীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন এই ধর্মৰ নিয়ম অনুসৰি বৰ্জনীয়। পিছে নিকাহ মুতাহে ধৰ্মৰ আওতাত থাকি যেন এজন পুৰুষক ভিন্ন প্ৰকাৰে যৌন সম্ভোগৰ সুবিধাহে মুকলি কৰি দিছে । অন্যহাতে নাৰীক পৰিণত কৰিছে তেজ - মঙহৰ পণ্যলৈ। তদুপৰি এই আচৰিত বিবাহপ্ৰথাতো নাৰীৰ বাবেই কিছু চৰ্ত নিৰ্ধাৰণ কৰি দিয়া থাকে। যেনে : নাৰীগৰাকী পূৰ্বে বিবাহিত হ'ব নালাগিব , সম্পূৰ্ণ শুদ্ধ হ'ব লাগিব , তেওঁ ইছলাম ধৰ্মৰ হ'ব লাগিব ইত্যাদি ইত্যাদি । নাৰীৰ সন্মান বিষয়টিক সম্পূৰ্ণৰূপে উপেক্ষা কৰা এই বিবাহে বহু কম বয়সীয়া ছোৱালীৰ জীৱনলৈ কঢ়িয়াই আনিছে ঘোৰ অন্ধকাৰ। এই প্ৰথা তথা আইনক মানৱ অধিকাৰৰো বিৰোধী বুলিব পাৰি। এই বিবাহৰ দৰেই অন্য এক বৈবাহিক সম্পৰ্ককো ইৰাণত বৈধ বুলি অভিহিত কৰা হয় । এইখন দেশতেই আচৰিত ভাৱে কোনো পুৰুষে দত্তক লোৱা কন্যাক বিয়া কৰাব পাৰে। অৰ্থাৎ ইৰাণত পিতৃয়ে তুলি লোৱা কন্যাক বৈধভাৱেই বিয়া কৰাই নিজৰ পত্নীৰূপে ৰাখিব পাৰে । তাৰ বাবে ছোৱালীৰ বয়স ১৩ বছৰৰ বেছি হোৱাটো বাঞ্চনীয়। উল্লিখিত সকলো বিষয়ৰ প্ৰতি গভীৰভাৱে দৃষ্টিপাত কৰিলে মাথোঁ এটা কথাই স্পষ্ট হয় যে, ইৰাণত এক কথাত পুৰুষতান্ত্ৰিক আইন ব্যৱস্থা প্ৰচলিত হৈ আছে । নাৰীৰ অধিকাৰৰ কথাটো বহু দূৰৰ কথা, এই দেশত নাৰী "মানুহ"ৰূপে জীয়াই থকাটোও যেন এক জটিল বিষয়। "অতীজৰ দিন বোৰত এনে হৈছিল" বুলি ক'লে কথাটি অলপ বিশ্বাস কৰিব পৰা যেন লাগিলেও আজিৰ দিনতো এনে হৈ আছে বুলি ক'লে সচাকৈ আচৰিত লাগে। বিশ্বৰ ভিতৰতেই উল্লেখনীয় আগশাৰীৰ এই দেশখনত আজিও কথাবোৰ কিয় তেনেদৰে ভবা হয়? কিয় আজিও নাৰীক কেৱল মাত্ৰ পণ্য আৰু ভোগৰ সামগ্ৰী ৰূপে ৰখা হৈছে! কিয় বাৰু দেখখনৰ আইন ব্যৱস্থাই কেৱল পুৰুষৰ হৈ কামবোৰ কৰি আহিছে ? এনে হাজাৰটা কিয়ই যেনমনত জুমুৰি দি ধৰে। দেশখনৰ এই বিষয় সমূহ বিশ্ববাসীৰ অলক্ষিতে নাই। তথাপিও এনে বৈধ অপৰাধবোৰ বন্ধ হোৱা নাই। মানৱ অধিকাৰৰ বাবে কাম কৰা বিশ্বৰ আগশাৰীৰ সংগঠনসমূহে যেন এই অতিকৈ স্পর্শকাতৰ বিষয়টিৰ গুৰুত্ব অনুধাৱন কৰি দেশখনৰ নাৰীসমাজৰ মুক্তিৰ বাবে কাম কৰিবলৈ আগ বাঢ়ি আহে। লগতে সমৃদ্ধিশালী এই দেশৰ আইনী ব্যৱস্থাৰো সালসলনিৰ কথা চিন্তা কৰা হয়। আমাৰ আশা, ইৰাণী নাৰীয়েও গাব এদিন মুক্তিৰ গান....তেওঁলোকৰ হৃদয়ৰ কথাবোৰো এদিন সকলোৱে শুনিব। আৰু ভাৰত ভূখণ্ডত কি হৈছে! উত্তৰ প্ৰদেশৰ হাথৰাচ কাণ্ডই উন্মোচিত কৰিলে বহু দিশ।।

No comments